বয়স যেতিয়া আছিল পাঁচ
তেতিয়া মই ভৰ্তি হৈছিলো স্কুলত ।
অচেনা ঠাই দেখি লাগিছিল বহু ভয়,
সেয়ে বহু সময় ধৰি কান্দিছিলো,সেইদিনা মন খুলি।
প্ৰথম দিনটো কাটিছিল কোনো মতে,
অলপো ভাল লগা নাছিল,আমাৰ নতুন স্কুলত।
মনত আছে 'মাকে' কৈছিল মোক;
'বোকা! ইয়াতেই তো শিকিবি কোনটো ঠিক আৰু কোনটো ভুল।
তেতিয়া আৰম্ভণি হৈছিল,মোৰ শিক্ষা জীৱন;
দেউতাই কৈছিল; হ'ব লাগিব বহু! ডাঙৰ।
দুঃখৰ সময়ত কোনেও নাথাকে লগত;
সেয়ে,নিজৰ জীৱনৰ ডাঙৰ যুদ্ধটো, এতিয়া নিজেই যুজিব লাগিব।
পৰিচয় হৈছিল আৰু এটা নতুন বস্তুৰ লগত
সেয়া আছিল 'ঘৰৰ কাম' ।
নকৰিলেই, শিক্ষক মহাশয়ে খং কৰি কৈছিল;
এবাৰ তোক শাস্তি দিম;চিধা কৰি হাত মেল,আড্ডাবাজ!
দেখি-দেখি কাটিল দিনবোৰ;
হলো মই আৰু বহু ডাঙৰ।
মন দি পঢ়া-শুনা কৰিবলৈ তো সকলোৱে কয়;
এতিয়া তাৰ লগতে; ভৱিষ্যতৰ চিন্তাও আৰম্ভণি কৰিব লাগে।
মোৰ স্কুল জীৱন,আজিয়ে শেষ হ'ব ধৰিছে;
মোৰ মৰমৰ স্কুলৰ পৰা,আজি মই বিদয় নিম,
স্কুলৰ প্ৰথম দিনটো মই বহু কান্দিছিলো;
আজি বিদয়ৰ দিনও মই আকৌ কান্দিছো,
এয়া হ'ব পাৰে আ-জীৱন মনত ৰাখিব লগা মৰম।।
লেখক:- মনোৱাৰ হোসেন (মুন)
No comments:
Post a Comment