"প্ৰণাম গুৰুজন"
✒️মনোৱাৰ হোসেন (মুন)
হৃদয়ৰ পৃষ্ঠাত
আপোনাৰ নামখন লিখা,
অক্ষৰবোৰে আজি
জীৱনৰ মানে দিব পাৰে।
কেতিয়াবা মিঠা বাক্যৰে,
কেতিয়াবা কঠোৰ বচনৰে,
আপুনি গঢ়ি তুলিছে
নতুন প্ৰজন্মৰ কাষ।
এনে পথিক আছিলোঁ
দিশ নাজানা,
আপোনাৰ হাতত ধৰিলে
জীৱনেই হ’ল সঠিক যাত্ৰা।
প্ৰণাম, গুৰুজন—
আপুনি আছিল, আপুনি আছেন,
আপুনিয়ে থাকিব
আলোকৰ সঁচা জ্যোতি হৈ।
No comments:
Post a Comment