✒️মনোৱাৰ হোসেন (মুন)
আলোকেৰে ভৰা পথালৈ
কেৱল এজনেই নিয়ন্ত্ৰণ কৰে,
সেইজনেই গুৰু—
যাৰ সাৱটি ধৰা আঙুলি
উজ্বল কৰে অনন্ত আঁধাৰ।
তেওঁৰ নয়নত অদম্য ধৈৰ্য্য,
তেওঁৰ হৃদয়ত নিঃশেষ দয়া।
অকলৰ শিকনি নহয়,
মানুহ হোৱাৰ দিশো
তেওঁয়েই আগবঢ়ায়।
মই জানো,
গুৰুৰ সঁচা ধন হ’ল–
শিষ্যৰ প্ৰগতিৰ হাঁহি,
গুৰুৰ সঁচা জয় হ’ল–
সমাজৰ শুভতাৰে ভৰা দিন।
No comments:
Post a Comment